Show/Hide Keyboard Layout

উমি উমি জ্বলিছা

- জুবিন গাৰ্গ

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

 

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

 

চিনাকি চিনাকি দুচকুৰে হাঁহি

বোৱালা প্ৰেমৰে নদী

বুকুতে যে আহি

বিয়পিব দিয়া তেজত

আশাৰে বুলনি

সুখে দুখে হোৱাহি মোৰ

জীৱনৰ জুৰণি ।

 

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

 

দুহাতে সাবটি

কৰিছা বাউলি

কিনো মৰমেৰে মধু

দিছা আহি বাকি

প্ৰেৰণাৰে ফুল তুমি

জীৱনৰ ফুলনি

দিন ৰাতি প্ৰতিটো পল

তুমি গুণগুণনি ।

 

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

Hits: 1242